July 11, 2026 10:38 AM

views 30

স্পেইন ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

স্পেইন ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কালি নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত দলটোৱে বেলজিয়ামক ২-১ গ'লত পৰাস্ত কৰে। খেলৰ ৩০ মিনিটত ফেবিয়ান ৰুইজে স্পেইনক অগ্রগতি দিয়ে যদিও ৪০ মিনিটত চার্লছ ডি কেটেলাৰে বেলজিয়ামৰ হৈ সমতা স্থাপন কৰে। ৮৮ মিনিটত মিকিলে মেৰিনোৱে স্পেইনৰ হৈ বিজয়সূচক গ'লটো কৰে। প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰি ফ্রান্সে ইতিমধ্যে ছেমিফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। আজি নিশা মিয়ামি mগার্ড...

July 10, 2026 6:19 PM

views 30

স্পেইন আজি নিশা ১২.৩০ বজাত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

স্পেইন আজি নিশা ১২.৩০ বজাত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ফ্রান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই ৩০ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত ২০টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্রা...

July 8, 2026 2:08 PM

views 42

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব। শুকুৰবাৰে বোষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ১.৩০ বজাত হ’বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আন এখন খেলত আর্জেণ্টিনাই, ইজিপ্তক ৩-২ গ'লত পৰাস্ত কৰে।

July 8, 2026 1:35 PM

views 27

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে ০-০ গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অৱ ১৬ৰ খেলত আর্জেণ্টিনাই আটলান্টাত ইজিপ্তক ৩-২ গ'লত পৰাস্ত কৰে। ৭৮ মিনিটলৈকে আর্জেণ্টিনাই দুটা গ'ল পিছ পৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ ৭৯ মিনিটত প্ৰথমটো গ'ল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰ...

July 7, 2026 6:46 PM

views 31

আজি নিশা ৯.৩০ বজাত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ’ব

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৯.৩০ বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা ১.৩০ বজাত অনুষ্ঠিত হ'ব।

July 6, 2026 6:39 PM

views 31

পাঁচবাৰৰ চেম্পিয়ন ব্রাজিলে অপ্রত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পৰা বিদায়

পাঁচবাৰৰ চেম্পিয়ন ব্রাজিলে অপ্রত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্রি-কোৱাৰ্টাৰ ফাইনেলত ২-১ গ'লৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। এই জয়ৰ জৰিয়তে নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ব্রাজিলৰ তাৰকা খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। আজি পুৱা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ আন এখন খেলত ইংলেণ্ডে মেক্সিকোক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷ প্রতিযোগিতাৰ আজি নি...

July 4, 2026 6:34 PM

views 29

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ

কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কলম্বিয়াই আজি কানছাছচিটিষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰঅন্তিমখন খেলত ঘানাক ১-০ গলত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। জন এৰিয়াছে খেলৰ ১৪ মিনিটত বিজয় সূচক গলটো দিয়ে। কলম্বিয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱৰ্তীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে, আমেৰিকাৰ মায়ামী গার্ডেনছত হোৱানক আউট পৰ্যায়ৰ আন এখন খেলত আর্জেন্টিনাই কাবোভেৰ্দেক ৩-২ গ'লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত লিঅ’...

July 2, 2026 6:45 PM

views 30

ফিফা বিশ্বকাপ ফুটবলত ২০০২ চনৰ পাছত আমেৰিকাৰ এইবাৰ প্ৰথমবাৰৰ বাবে নকআউট পর্যায়ৰ খেলত জয়লাভ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা ১২.৩০ বজাত হ'বলগীয়া নক-আউট পৰ্যায়ৰ এখন খেলত স্পেইন, অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ 'ব। পুৱতি নিশা ৪.৩০ বজাত হ'বলগীয়া নক-আউট পৰ্যায়ৰ আন এখন খেলত পর্তুগাল ক্র 'ৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে, কাইলৈ পুৱা ৮.৩০ বজাত হ 'বলগীয়া একেটা পর্যায়ৰ আন এখন খেলত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হব। প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক' বে' এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পর্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া হার্জেগোভিনাক 2–0 গ'লত পৰাস্ত কৰে। ২০০২ চনৰ...

July 2, 2026 6:13 PM

views 32

ফিফা বিশ্বকাপত আজি নিশা ১২.৩০ বজাত স্পেইন, অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক’ বে’ এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া আৰু হার্জেগোভিনাক ২-০ গ'লত পৰাস্ত কৰে। ২০০২ চনৰ পাছত আমেৰিকাই নকআউট পর্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ য়ুৰী টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গ'লটো দিয়ে। ইয়াৰ পূৰ্বে, কালি নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক ২-১ গ'লৰ...

July 1, 2026 2:33 PM

views 30

ফিফা বিশ্বকাপ ফুটবল ফ্রান্সে ছুইডেনক ৩-০ গ’লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে

ফিফা বিশ্বকাপ ফুটবলত নকআউট পর্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত ফ্রান্সে ছুইডেনক ৩-০ গ 'লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপেই দুটা গল দি এইবাৰৰ বিশ্বকাপত নিজৰ গলৰ সংখ্যা ১৮ টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰ 'স্লাভ ক্ল'জৰ দুটা গ'ল আৰু লিঅনেল মেছিৰ পৰা মাত্ৰ এটা গ 'ল পিছ পৰি আছে। খেলখনৰ ৮৬ মিনিটত আর্লিং হালেণ্ডৰ গ ’লেৰ জড়িয়তে শীর্ষ ১৬ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা ১৬ ৰাউণ্ডত নৰৱেই ব্রাজিলৰ বিৰুদ্ধে খেলিব। ইক...