July 11, 2026 10:38 AM | FIFA

printer

স্পেইন ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

স্পেইন ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কালি নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত দলটোৱে বেলজিয়ামক ২-১ গ’লত পৰাস্ত কৰে। খেলৰ ৩০ মিনিটত ফেবিয়ান ৰুইজে স্পেইনক অগ্রগতি দিয়ে যদিও ৪০ মিনিটত চার্লছ ডি কেটেলাৰে বেলজিয়ামৰ হৈ সমতা স্থাপন কৰে। ৮৮ মিনিটত মিকিলে মেৰিনোৱে স্পেইনৰ হৈ বিজয়সূচক গ’লটো কৰে।

প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ’লত পৰাস্ত কৰি ফ্রান্সে ইতিমধ্যে ছেমিফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। আজি নিশা মিয়ামি mগার্ডেনছত অনুষ্ঠিত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত ন’ৰৱে ইংলেণ্ডৰ সন্মুখীন হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।