কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কলম্বিয়াই আজি কানছাছচিটিষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰঅন্তিমখন খেলত ঘানাক ১-০ গলত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। জন এৰিয়াছে খেলৰ ১৪ মিনিটত বিজয় সূচক গলটো দিয়ে। কলম্বিয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱৰ্তীৰ্ণ হ’ব।
ইয়াৰ পূৰ্বে, আমেৰিকাৰ মায়ামী গার্ডেনছত হোৱানক আউট পৰ্যায়ৰ আন এখন খেলত আর্জেন্টিনাই কাবোভেৰ্দেক ৩-২ গ’লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত লিঅ’নেল মেছিয়ে গ’ল কৰি আৰ্জেন্টিনাক অগ্রগতি প্রদান কৰে। চলিত প্রতিযোগিতাতএই সপ্তমটোগ’লেৰেমেছিয়ে ৬ খন বিশ্বকাপৰ ৩০ খন খেলত অংশলৈ ২০ টা গ’লকৰাৰ বিৰল অভিলেখ গঢ়ে। তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ খেলখনৰ অতিৰিক্ত সময়ৰ ১১১ মিনিটত কাবোভেৰ্দেৰ ডিনী বৰ্গেছৰ আত্মঘাতী গ’ল এটাই আর্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে।
ইপিনে, আর্লিংটনত অনুষ্ঠিত নক আউট পর্যায়ত এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শুট-আউটত ৪-২ গ’লত পৰাস্ত কৰি ইজিপ্টে প্রি-কোৱাৰ্টাৰফাইনেলত প্ৰৱেশ কৰে। খেলখন নিৰ্ধাৰিত অতিৰিক্ত সময়তো ১-১ গ’লত অমীমাংসিত হৈ ৰোৱাত পেনাল্টীল শুট আউটৰ সহায় ল’বলগীয়া হয়। এই জয়ৰ সুবাদত ইজিপ্তে ৯২ বছৰৰ অন্ততবিশ্বকাপৰ নক-আউট পৰ্যায়ত প্ৰথমবাৰৰ বাবে জয়লাভ কৰি ইতিহাস ৰচনা কৰে।
প্ৰতিযোগিতাত আজি নিশা ১০.৩০ বজাত হ’বলগীয়া প্ৰথমখন প্রি-কোৱাৰ্টাৰ ফাইনেলত কানাডা মৰক্কোৰ বিৰুদ্ধে অৱৰ্তীৰ্ণ হ’ব। নিশা আঢ়ৈ বজাত হ’বলগীয়া দ্বিতীযখন প্রি-কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স পাৰগুৱেৰ সন্মুখীন হ’ব।