July 8, 2026 1:13 PM

views 22

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত চি এম ফিফা ফেন পার্ক উদ্বোধন

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা চি এম ফিফা ফেন পার্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই পার্ক উদ্বোধন কৰে। অনুষ্ঠানত যোৰহাটৰ জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা আৰু এ আই আই ডি চি-ৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে ভাষণ দিয়ে। অনুষ্ঠানত যোৰহাটৰ জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষকে ধৰি ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

July 4, 2026 6:34 PM

views 21

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ

কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কলম্বিয়াই আজি কানছাছচিটিষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰঅন্তিমখন খেলত ঘানাক ১-০ গলত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। জন এৰিয়াছে খেলৰ ১৪ মিনিটত বিজয় সূচক গলটো দিয়ে। কলম্বিয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱৰ্তীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে, আমেৰিকাৰ মায়ামী গার্ডেনছত হোৱানক আউট পৰ্যায়ৰ আন এখন খেলত আর্জেন্টিনাই কাবোভেৰ্দেক ৩-২ গ'লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত লিঅ’...

July 1, 2026 12:56 PM

views 23

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পার্ক উদ্বোধন

ফুটবল খেলক প্ৰসাৰিত আৰু ক্ৰীড়া অনুৰাগীসকলৰ বাবে এক গোট হৈ খেল উপভোগ কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পার্ক উদ্বোধন কৰা হয়৷ অসম পর্যটন উন্নয়ন নিগম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এই ফেন পার্ক স্থাপন কৰা হৈছে। মুখ্যমন্ত্রী ফিফা ফেন পার্কত ফুলবল অনুৰাগীসকলে আনন্দময় পৰিৱেশত এল ই ডি স্কীনত ফিফা বিশ্বকাপ ২০২৬ৰ পোনপটীয়া খেলসমূহ উপভোগ কৰিব পাৰিব। বিশ্বৰ সৰ্ববৃহৎ প্রতিযোগিতাখনক সমূহীয়া উৎসৱ হিচাপে উদযাপন কৰিবলৈ সকলো বয়সৰ ফুটবল অনুৰাগীক একত্ৰি...