ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পার্ক উদ্বোধন

ফুটবল খেলক প্ৰসাৰিত আৰু ক্ৰীড়া অনুৰাগীসকলৰ বাবে এক গোট হৈ খেল উপভোগ কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পার্ক উদ্বোধন কৰা হয়৷ অসম পর্যটন উন্নয়ন নিগম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এই ফেন পার্ক স্থাপন কৰা হৈছে।

মুখ্যমন্ত্রী ফিফা ফেন পার্কত ফুলবল অনুৰাগীসকলে আনন্দময় পৰিৱেশত এল ই ডি স্কীনত ফিফা বিশ্বকাপ ২০২৬ৰ পোনপটীয়া খেলসমূহ উপভোগ কৰিব পাৰিব। বিশ্বৰ সৰ্ববৃহৎ প্রতিযোগিতাখনক সমূহীয়া উৎসৱ হিচাপে উদযাপন কৰিবলৈ সকলো বয়সৰ ফুটবল অনুৰাগীক একত্ৰিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে।

দৰ্শকসকলৰ বাবে আৰামদায়ক আৰু আনন্দপূর্ণ অভিজ্ঞতা নিশ্চিত কৰিবলৈ পৰ্যাপ্ত আসনৰ ব্যৱস্থা, ভিৰ নিয়ন্ত্রণ, নিৰাপত্তা, পোহৰৰ ব্যৱস্থা আৰু অন্যান্য প্রয়োজনীয় সা-সুবিধাসমূহ প্ৰদান কৰা হ’ব।

উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, বিধায়ক প্রশান্ত ফুকন, চক্ৰধৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, অসম পেট্ৰ’ কেমিকেলছৰ অধ্যক্ষকে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।