বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ’বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ’ব।
ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৯.৩০ বজাত অনুষ্ঠিত হ’ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ’বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা ১.৩০ বজাত অনুষ্ঠিত হ’ব।