July 8, 2026 2:08 PM

views 33

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব। শুকুৰবাৰে বোষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ১.৩০ বজাত হ’বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্রতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আন এখন খেলত আর্জেণ্টিনাই, ইজিপ্তক ৩-২ গ'লত পৰাস্ত কৰে।

July 8, 2026 1:35 PM

views 18

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে ০-০ গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অৱ ১৬ৰ খেলত আর্জেণ্টিনাই আটলান্টাত ইজিপ্তক ৩-২ গ'লত পৰাস্ত কৰে। ৭৮ মিনিটলৈকে আর্জেণ্টিনাই দুটা গ'ল পিছ পৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ ৭৯ মিনিটত প্ৰথমটো গ'ল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰ...

July 7, 2026 6:46 PM

views 16

আজি নিশা ৯.৩০ বজাত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ’ব

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৯.৩০ বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা ১.৩০ বজাত অনুষ্ঠিত হ'ব।

July 3, 2026 6:29 PM

views 22

বিশ্বকাপত ছুইজাৰলেণ্ড, স্পেইন আৰু পর্তুগালৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ছুইজাৰলেণ্ড, স্পেইন আৰু পর্তুগালে বিশ্বকাপ ফুটবল প্রতিযোগিতাত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা চাৰে ৮ বজাত কানাডাত অনুষ্ঠিত নকআউট পর্যায়ৰ এখন খেলত আলজেৰিয়াক ২-০ গ'লত পৰাজিত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্রবেশ কৰে। এম্বলোৱে খেলখনৰ ১০ মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্রগতি প্রদান কৰে। খেলখনৰ দ্বিতীয়ার্ধৰ ১ মিনিট পাছত নূদৰে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে, পর্তুগালে আজি পুৱা অনুষ্ঠিত নক ...

July 2, 2026 6:13 PM

views 21

ফিফা বিশ্বকাপত আজি নিশা ১২.৩০ বজাত স্পেইন, অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক’ বে’ এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া আৰু হার্জেগোভিনাক ২-০ গ'লত পৰাস্ত কৰে। ২০০২ চনৰ পাছত আমেৰিকাই নকআউট পর্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ য়ুৰী টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গ'লটো দিয়ে। ইয়াৰ পূৰ্বে, কালি নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক ২-১ গ'লৰ...

July 1, 2026 2:33 PM

views 20

ফিফা বিশ্বকাপ ফুটবল ফ্রান্সে ছুইডেনক ৩-০ গ’লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে

ফিফা বিশ্বকাপ ফুটবলত নকআউট পর্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত ফ্রান্সে ছুইডেনক ৩-০ গ 'লত পৰাস্ত কৰি ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপেই দুটা গল দি এইবাৰৰ বিশ্বকাপত নিজৰ গলৰ সংখ্যা ১৮ টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰ 'স্লাভ ক্ল'জৰ দুটা গ'ল আৰু লিঅনেল মেছিৰ পৰা মাত্ৰ এটা গ 'ল পিছ পৰি আছে। খেলখনৰ ৮৬ মিনিটত আর্লিং হালেণ্ডৰ গ ’লেৰ জড়িয়তে শীর্ষ ১৬ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা ১৬ ৰাউণ্ডত নৰৱেই ব্রাজিলৰ বিৰুদ্ধে খেলিব। ইক...

June 25, 2026 1:59 PM

views 22

বিশ্বকাপ ফুটবলত আজি দক্ষিণ আফ্রিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত আৰু মেক্সিক’ৱে চেকিয়াক ৩-০ গ’লত পৰাস্ত কৰে

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ এখন খেলত দক্ষিণ আফ্রিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত পৰাস্ত কৰিছে। মেক্সিক’ত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিক’ৱে চেকিয়াক ৩-০ গ’লত পৰাস্ত কৰে। ইপিনে, আজি পুৱতি নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে ৭ পইণ্টেৰে সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। অৱশ্যে এই পৰাজয়ৰ পাছতো তিনিখন খেলৰ পৰা ৪ পইণ্ট অৰ্জন কৰা কানাডাও পৰৱৰ্...