July 3, 2026 6:29 PM | FIFA WC 2026

printer

বিশ্বকাপত ছুইজাৰলেণ্ড, স্পেইন আৰু পর্তুগালৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ছুইজাৰলেণ্ড, স্পেইন আৰু পর্তুগালে বিশ্বকাপ ফুটবল প্রতিযোগিতাত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা চাৰে ৮ বজাত কানাডাত অনুষ্ঠিত নকআউট পর্যায়ৰ এখন খেলত আলজেৰিয়াক ২-০ গ’লত পৰাজিত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্রবেশ কৰে। এম্বলোৱে খেলখনৰ ১০ মিনিটত গ’ল দি ছুইজাৰলেণ্ডক অগ্রগতি প্রদান কৰে। খেলখনৰ দ্বিতীয়ার্ধৰ ১ মিনিট পাছত নূদৰে দ্বিতীয়টো গ’ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ’বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

একেদৰে, পর্তুগালে আজি পুৱা অনুষ্ঠিত নক আউট পৰ্যায়ৰ আন এখন খেলত ক্র’ৱেছিয়াক ২-১ গ’লত পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। মঙলবাৰে ডালাছত হ’বলগীয়া প্রি কোৱাৰ্টাৰ ফাইনেলত দলটো স্পেইনৰ সন্মুখীন হ’ব।

ইপিনে, স্পেইনে যোৱানিশা কেলিফর্ণিয়াত অনুষ্ঠিত নক আউট পর্যায়ৰ এখন খেলত অষ্ট্রিয়াক ৩-০ গ’লত পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল আয়াৰজাৱালে ৩৬ মিনিটত গল দি দলক ১-০ৰ অগ্রগতি প্রদান কৰে। ইয়াৰ পাছত পেদ্র’ পোৰোই ৬৬ মিনিটত দ্বিতীয়টো গ’ল দি দলৰ স্থিতি সুদৃঢ় কৰে। আয়াৰজাবালে ৮৯ মিনিটত আৰু এটা গ’ল দি দলৰ জয় নিশ্চিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।