ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে ০-০ গ’লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অৱ ১৬ৰ খেলত আর্জেণ্টিনাই আটলান্টাত ইজিপ্তক ৩-২ গ’লত পৰাস্ত কৰে।

৭৮ মিনিটলৈকে আর্জেণ্টিনাই দুটা গ’ল পিছ পৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ ৭৯ মিনিটত প্ৰথমটো গ’ল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।