June 25, 2026 1:59 PM | FIFA WC 2026

printer

বিশ্বকাপ ফুটবলত আজি দক্ষিণ আফ্রিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত আৰু মেক্সিক’ৱে চেকিয়াক ৩-০ গ’লত পৰাস্ত কৰে

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ এখন খেলত দক্ষিণ আফ্রিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত পৰাস্ত কৰিছে। মেক্সিক’ত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিক’ৱে চেকিয়াক ৩-০ গ’লত পৰাস্ত কৰে।

ইপিনে, আজি পুৱতি নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে ৭ পইণ্টেৰে সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। অৱশ্যে এই পৰাজয়ৰ পাছতো তিনিখন খেলৰ পৰা ৪ পইণ্ট অৰ্জন কৰা কানাডাও পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে।

একেদৰে, মৰক্কোৱে গ্ৰুপ-চিৰ পৰা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে আজি পুৱা আটলাণ্টাত সমাপ্ত হোৱা এখন খেলত হেইটীক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমীক মেন অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় ৷

ইয়াৰ পূৰ্বে মিয়ামিত অনুষ্ঠিত গ্রুপ-চিৰ আন এখন খেলত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্রাজিলে স্কটলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰে। খেলখনত ব্ৰাজিলৰ হৈ ভিনিচিয়াছ জুনিয়ৰে দুটা গ’ল দিয়ে। এই জয়ৰ সুবাদত ব্রাজিলে গ্রুপ- চিৰ শীৰ্ষ দলৰূপে নকআউট পৰ্যায়লৈ অগ্ৰসৰ হৈছে। ব্রাজিলে ক্ৰমাগতভাৱে ১৫ খন বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে।