ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা ১২.৩০ বজাত হ’বলগীয়া নক-আউট পৰ্যায়ৰ এখন খেলত স্পেইন, অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ ‘ব।
পুৱতি নিশা ৪.৩০ বজাত হ’বলগীয়া নক-আউট পৰ্যায়ৰ আন এখন খেলত পর্তুগাল ক্র ‘ৱেছিয়াৰ সন্মুখীন হ’ব। ইপিনে, কাইলৈ পুৱা ৮.৩০ বজাত হ ‘বলগীয়া একেটা পর্যায়ৰ আন এখন খেলত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হব।
প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক’ বে’ এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পর্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া হার্জেগোভিনাক 2–0 গ’লত পৰাস্ত কৰে। ২০০২ চনৰ পাছত আমেৰিকাই এইবাৰ প্ৰথমবাৰৰ বাবে নকআউট পর্যায়ৰ খেলত জয়লাভ কৰিছে।