July 11, 2026 6:26 PM

views 16

আজি  নিশা ২.৩০বজাত ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা ২.৩০বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৬.৩০ বজাত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্রতিযোগিতাৰ চেমিফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱানিশা বেলজিয়ামক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ লগতে ফ্রান্সে মৰক্কোক ২-০ গ’লত পৰাস্ত কৰি চেমিফাইনেলত প...

July 8, 2026 8:45 PM

views 12

শুকুৰবাৰৰ পৰা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ফ্রান্স, মৰক্কো, ন'ৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আর্জেটিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্রান্স শুকুৰবাৰে হ'বলগীয়া প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অবতীর্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ডেৰ বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰে নিশা চাৰে ১২ বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে, প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আর্জেন্টিনা, ছুইজাৰলেণ্ডৰ বি...

July 5, 2026 10:47 AM

views 18

ফ্রান্স আৰু মৰক্কোৰ বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্রবেশ

ফ্রান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্রান্সে যোৱানিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমান্সকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক ১-০ গ'লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ন বাপ্পে খেলৰ ৭০ মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গ'লটো দিয়ে। ফ্রান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে মৰক্কোই হিউস্টনত অনুষ্ঠিত প্রথমখন প্রি-কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে ৩-০ গ'লত পৰাভূত কৰে। মৰক্কোৰ অজিডিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতায়াৰ্ধত দুটা ...

July 2, 2026 6:45 PM

views 19

ফিফা বিশ্বকাপ ফুটবলত ২০০২ চনৰ পাছত আমেৰিকাৰ এইবাৰ প্ৰথমবাৰৰ বাবে নকআউট পর্যায়ৰ খেলত জয়লাভ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা ১২.৩০ বজাত হ'বলগীয়া নক-আউট পৰ্যায়ৰ এখন খেলত স্পেইন, অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ 'ব। পুৱতি নিশা ৪.৩০ বজাত হ'বলগীয়া নক-আউট পৰ্যায়ৰ আন এখন খেলত পর্তুগাল ক্র 'ৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে, কাইলৈ পুৱা ৮.৩০ বজাত হ 'বলগীয়া একেটা পর্যায়ৰ আন এখন খেলত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হব। প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক' বে' এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পর্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া হার্জেগোভিনাক 2–0 গ'লত পৰাস্ত কৰে। ২০০২ চনৰ...

July 2, 2026 6:13 PM

views 22

ফিফা বিশ্বকাপত আজি নিশা ১২.৩০ বজাত স্পেইন, অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিক’ বে’ এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত সহ-আয়োজক আমেৰিকাই বছনিয়া আৰু হার্জেগোভিনাক ২-০ গ'লত পৰাস্ত কৰে। ২০০২ চনৰ পাছত আমেৰিকাই নকআউট পর্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক ৩-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ য়ুৰী টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গ'লটো দিয়ে। ইয়াৰ পূৰ্বে, কালি নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক ২-১ গ'লৰ...

July 1, 2026 8:35 PM

views 12

বিশ্বকাপত আজি নিশা ৯.৩০ বজাত ইংলেণ্ড-কংগোৰ খেল

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ৯ বজাত আটলান্টা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ড, কংগোৰ বিৰুদ্ধে অবতীর্ণ হ'ব। আনহাতে, মাজনিশা ডেৰ বজাত ছিয়াটল স্টেডিয়ামত হ'বলগীয়া আন এখন খেলত বেলজিয়াম চেনেগালৰ বিৰুদ্ধে অবতীর্ণ হ'ব। আজি পুৱা মেক্সিকো চিটা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোই ইকুৱেডৰক ২-০ গ'লত পৰাস্ত কৰি প্রি কোৱাৰ্টাৰ ফাইনেলত প্রবেশ কৰে। দলটোৱে অহা দেওবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড অথবা কংগোৰ বিৰুদ্ধে অবতীর্ণ হ'ব।

June 24, 2026 1:50 PM

views 22

ফিফা বিশ্বকাপত আজি কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে

ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে। কানাডাৰ ট্ৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্রুপ-এলৰ এখন খেলত ক্ৰৱেছিয়াই পানামাক ১-০ গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্র হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰৱেছিয়াৰ গ'লকিপাৰ ডমিনিক লিৱাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্রুপ-কেৰ এখন খেলত কালি পর্তুগালে উজবেকিস্তানক ৫-০ গ'...

June 23, 2026 1:37 PM

views 36

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাণ্টা ক্লাৰাত অনুষ্ঠিত গ্রুপ-জেৰ এখন খেলত আজি আলজেৰিয়াই জৰ্ডানক ২-১ গ’লত পৰাভূত কৰে। নিউয়র্ক ষ্টেডিয়ামত আজি হোৱা গ্ৰুপ- আইৰ এখন খেলত ন’ৰৱেই ছেনেগালক ৩-২ গ’লত পৰাস্ত কৰি ৰাউণ্ড থাৰ্টি-টুত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আর্লিংটনত যোৱা নিশা হোৱা গ্ৰুপ-জেৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে অষ্ট্ৰিয়া ২-০ গ’লত পৰাস্ত পৰাস্ত হয়। এই জয়ৰ জৰিয়তে আৰ্জেণ্টিনা ৰাউণ্ড থার্টি-টুত প্ৰৱেশ কৰে। আৰ্জেণ্টিনাৰ কেপ্টেইন লিঅ'নেল মেছিয়ে দুয়োটা গ’ল দিয়াৰ ...

June 15, 2026 2:08 PM

views 29

বিশ্বকাপ ফুটবল প্রতিযোগিতাত গ্রুপ-এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা ৪.৩০ বজাত অনুষ্ঠিত গ্রুপ-ইৰ এখন খেলত আইভী ক’ষ্টে ইকুৱেডৰক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ-ইৰ এখন খেলত জার্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন ২-২ গ’লত ড্র’ হয়।

June 15, 2026 11:59 AM

views 25

বিশ্বকাপ ফুটবলৰ চতুর্থ দিনা গ্রুপ-ইৰ এখন খেলত জার্মানীয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে

বিশ্বকাপ ফুটবলৰ কালি চতুর্থ দিনা গ্রুপ-ইৰ এখন খেলত জার্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন ২-২ গ’লত ড্র’ হয়। প্রতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা ৪.৩০ বজাত অনুষ্ঠিত গ্রুপ-ইৰ এখন খেলত আইভী ক’ষ্টে ইকুৱেডৰক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ-এফৰ এখন খেলত ছুইডেন টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি অহাৰ পৰলৈ ছুইডেন ৩–১ গ’লৰ ব্যৱধানত আগবাঢ়ি আছে।