ফ্রান্স, মৰক্কো, ন’ৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আর্জেটিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্রান্স শুকুৰবাৰে হ’বলগীয়া প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অবতীর্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ডেৰ বজাত আৰম্ভ হ’ব। স্পেইন শনিবাৰে নিশা চাৰে ১২ বজাত হ’বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ’ব। একেদৰে, প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আর্জেন্টিনা, ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | July 8, 2026 8:45 PM | FIFA WORLD CUP 2026
শুকুৰবাৰৰ পৰা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ