ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা চাৰে ৯ বজাত আটলান্টা ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ইংলেণ্ড, কংগোৰ বিৰুদ্ধে অবতীর্ণ হ’ব। আনহাতে, মাজনিশা ডেৰ বজাত ছিয়াটল স্টেডিয়ামত হ’বলগীয়া আন এখন খেলত বেলজিয়াম চেনেগালৰ বিৰুদ্ধে অবতীর্ণ হ’ব।
আজি পুৱা মেক্সিকো চিটা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোই ইকুৱেডৰক ২-০ গ’লত পৰাস্ত কৰি প্রি কোৱাৰ্টাৰ ফাইনেলত প্রবেশ কৰে। দলটোৱে অহা দেওবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড অথবা কংগোৰ বিৰুদ্ধে অবতীর্ণ হ’ব।