বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা ৪.৩০ বজাত অনুষ্ঠিত গ্রুপ-ইৰ এখন খেলত আইভী ক’ষ্টে ইকুৱেডৰক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
ইপিনে গ্ৰুপ-ইৰ এখন খেলত জার্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক ৭–১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন ২-২ গ’লত ড্র’ হয়।