ফ্রান্স আৰু মৰক্কোৱে বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্রান্সে যোৱানিশা ফিলাডেলফিয়াত অনুষ্ঠিত এখন ৰোমান্সকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পাৰাগুৱেক ১-০ গ’লত পৰাস্ত কৰে। অধিনায়ক কিলিয়ন বাপ্পে খেলৰ ৭০ মিনিটত পেনাল্টিৰ সহায়ত ফ্ৰান্সৰ হৈ বিজয়সূচক গ’লটো দিয়ে। ফ্রান্স কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ইয়াৰ পূৰ্বে মৰক্কোই হিউস্টনত অনুষ্ঠিত প্রথমখন প্রি-কোৱাৰ্টাৰ ফাইনেলত কানাডাক সহজে ৩-০ গ’লত পৰাভূত কৰে। মৰক্কোৰ অজিডিনে উনাহিয়ে সুন্দৰ খেল প্ৰদৰ্শন কৰি দ্বিতায়াৰ্ধত দুটা গ’ল দিয়ে। ছফিয়ান ৰহিমীয়ে খেলৰ অন্তিম সময়ত গ’ল দি মৰক্কোৰ জয় নিশ্চিত কৰে।
প্রতিযোগিতাত আজি নিশা ডেৰ বজাত হ’বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেল পর্যায়ৰ এখন খেলত ব্রাজিল, নৰোৱেৰ বিৰুদ্ধে অবতীর্ণ হ’ব।