ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা ২.৩০বজাত আৰম্ভ হ’ব।
ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৬.৩০ বজাত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্রতিযোগিতাৰ চেমিফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱানিশা বেলজিয়ামক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ লগতে ফ্রান্সে মৰক্কোক ২-০ গ’লত পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ কৰে।