June 13, 2026 1:37 PM

views 32

ফিফা বিশ্বকাপত ব’ছনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে হোৱা কানাডাৰ খেলখন ১-১ গ’লত ড্র’

ফিফা বিশ্বকাপত যোৱা নিশা টৰণ্টো ষ্টেডিয়ামত ব'ছনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে গ্রুপ বিৰ এখন খেল ১-১ গ'লত ড্র' হোৱাত সহ-আয়োজক দেশ কানাডাই প্রথমটো পইন্ট অর্জন কৰে। ব'ছনিয়াই খেলখনৰ ২১ মিনিটত প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে কানাডাই ৭৮ মিনিটত প্রথমটো গ'ল দিয়ে। প্রতিযোগিতাত আজি পুৱা গ্রুপ-ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ পেৰাগুৱেৰ বিৰুদ্ধে অবতীর্ণ হৈছে।

June 12, 2026 11:55 PM

views 26

ফিফা বিশ্বকাপত ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত বচনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা টণ্টো ষ্টেডিয়ামত গ্রুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বচনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্রথমবাৰৰ বাবে বিশ্বকাপ প্রতিযোগিতাত মুখামুখি হ'ব। গ্রুপ এ-ৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক-ৰিপাব্লিকক এখন উত্তেজনামূলক খেলত ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেস্কিক' মহানগৰীৰ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ উদ্বোধনী খেলত মেস্কিক'ৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত...