ফিফা বিশ্বকাপত ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত বচনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা টণ্টো ষ্টেডিয়ামত গ্রুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বচনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত অনুষ্ঠিত হ’ব।

দুয়োখন দেশ প্রথমবাৰৰ বাবে বিশ্বকাপ প্রতিযোগিতাত মুখামুখি হ’ব। গ্রুপ এ-ৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক-ৰিপাব্লিকক এখন উত্তেজনামূলক খেলত ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে।

ইয়াৰ পূৰ্বে যোৱা নিশা মেস্কিক’ মহানগৰীৰ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ উদ্বোধনী খেলত মেস্কিক’ৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত কৰে। যোৱা নিশা মেস্কিক’ মহানগৰীত ফিফা বিশ্বকাপ ২০২৬ প্রতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়।

উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতিক প্ৰতিফলিত কৰি চাকিৰা আৰু বার্ণাবয়ে প্রতিযোগিতাৰ আনুষ্ঠানিক গীত দায় দায় পৰিবেশন কৰে। কাৰ্যসূচীত মেস্কিক’ৰ চহকী সংগীতক প্রতিফলিত কৰি আলেজেণ্ডো ফার্ণাণ্ডেজ, লিলা ডনচ, বেলিঙায়ে মাহজুৰি চলিবলগীয়া এই প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত গীত পৰিবেশন কৰে।