ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক ১-০ গ’লত পৰাস্ত কৰে।
কানাডাৰ ট্ৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্রুপ-এলৰ এখন খেলত ক্ৰৱেছিয়াই পানামাক ১-০ গ’লত পৰাস্ত কৰে।
পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্র হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰৱেছিয়াৰ গ’লকিপাৰ ডমিনিক লিৱাকোভিচে কেইবাটাও গ’ল ৰক্ষা কৰি ক্ৰৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে।
ইয়াৰ পূৰ্বে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্রুপ-কেৰ এখন খেলত কালি পর্তুগালে উজবেকিস্তানক ৫-০ গ’লত পৰাস্ত কৰে। আনহাতে, ইংলেণ্ড আৰু ঘানাৰ মাজত ফক্সবৰ’ৰ বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ গ্ৰুপ-এলৰ আন এখন খেল গ’লশূন্যভাৱে সমাপ্ত হয়।