স্পেইন আজি নিশা ১২.৩০ বজাত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

স্পেইন আজি নিশা ১২.৩০ বজাত হ’বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ফ্রান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ’লত পৰাস্ত কৰে।

খেলখনৰ প্ৰথমার্ধ গ’ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ’ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই ৩০ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত ২০টা গ’ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়।

ফ্রান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।