পাঁচবাৰৰ চেম্পিয়ন ব্রাজিলে অপ্রত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্রি-কোৱাৰ্টাৰ ফাইনেলত ২-১ গ’লৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। এই জয়ৰ জৰিয়তে নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ব্রাজিলৰ তাৰকা খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। আজি পুৱা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ আন এখন খেলত ইংলেণ্ডে মেক্সিকোক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷
প্রতিযোগিতাৰ আজি নিশা ১২.৩০ বজাত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি হ’ব। আনহাতে কাইলৈ পুৱা ৫.৩০ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।