July 3, 2026 11:44 AM | FIFA World Cup

printer

স্পেইন আৰু পৰ্টুগালৰ বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

স্পেইনে বিশ্বকাপ ফুটবল প্রতিযোগিতাত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱানিশা কেলিফর্নিয়াত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰিয়াক ৩-০ গ’লত পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। স্পেইনৰ হৈ মিকেল অয়াৰৰ্জাৱালে ৩৬ মিনিটত গ’ল দি দলক ১-০ৰ অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছত পেদ্ৰ’ পোৰোই ৬৬ মিনিটত দ্বিতীয়টো গ’ল দি দলৰ স্থিতি সুদৃঢ় কৰে। অ’য়াৰজাৱালে ৮৯ মিনিটত আৰু এটা গ’ল দি দলৰ জয় নিশ্চিত কৰে। স্পেইন প্রি-কোৱাৰ্টাৰ ফাইনেলত পৰ্টুগালৰ সন্মুখীন হ’ব। পর্তুগালে কিছুসময় পূর্বে সমাপ্ত হোৱা নক আউট পৰ্যায়ৰ এখন খেলত ক্ৰ’ৱেছিয়াক ২-১ গ’লত পৰাভূত কৰি প্রি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।

বেলজিয়াম, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড ইতিমধ্যে প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ড সোমবাৰে হ’বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত মেক্সিক’ৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। একেদৰে সহ আয়োজক আমেৰিকা মঙলবাৰে হ’বলগীয়া প্রি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ’ব।

ফ্রান্স, নৰোৱে, কানাডা, মৰক্কো, ব্ৰাজিল আৰু পাৰাগুৱেও প্রি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।