ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত ৩-২ গ’লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অব্ ছিছুটিনত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ’ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লেৰে অমিমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গলবিহীনভারে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নির্ণয় হোৱা খেলখনত মৰক্কোৱে ৩-২ৰ ব্যৱধানত জয়লাভ কৰিবলৈ সমর্থ হয়।
আজি নিশা চাৰে ১০ বজাত আইভৰি ক’ষ্ট নৰৱেৰ সন্মুখীন হ’ব। নিশা আঢ়ৈ বজাত ফ্রান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।