ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত অহা বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আর্জেন্টিনা আৰু ইংলেণ্ড মুখামুখি হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা ২০ জুলাইত নিউয়ৰ্কৰ নিউজার্চি স্টেডিয়ামত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত অবতীর্ণ হ’ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে ১৯ জুলাইত মায়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ’ব।
Assamese | July 13, 2026 12:43 PM | FIFA World Cup
বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব