ফ্রান্সে বিশ্বকাপ ফুটবল প্রতিযোগিতাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ’লত পৰাস্ত কৰে। খেলখনৰ প্ৰথমার্ধ গ’ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ন বাপ্পেই ৬০ মিনিটত আৰু উছমান ডেম্বেলেই ৬৬ মিনিটত গ’ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই ৩০ বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত ২০টা গল দিয়া প্রথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্রান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইন আজি নিশা হ’বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আর্জেন্টিনা ছুইজাৰলেণ্ডৰ সম্মুখীন হ’ব।
Assamese | July 10, 2026 10:37 AM | FIFA World Cup
মৰক্কোক পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্রান্স