ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়ৰ বাবে ৪৫৭ ৰাণৰ লক্ষ্যৰে খেলি ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ ১৮৬ ৰাণতে সমাপ্ত হয়।
ইংলেণ্ডৰ হৈ এমী জোনছে ৫৪ আৰু ছফী একলেষ্টনে ৫০ ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই চাৰিটা তথা ছায়ালি সাতঘেৰে, ক্ৰান্তি গৌড় আৰু দিপ্তী শৰ্মাই দুটাকৈ উইকেট ভগাই লয়।
টেষ্টখনত দুয়োটা ইনিংছ মিলি সাতটা উইকেট দখল কৰা ক্ৰান্তি গৌড়ে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে টেষ্টখনৰ প্ৰথম ইনিংছত ২৮৫ ৰাণ কৰাৰ লগতে সাত উইকেটৰ বিনিময়ত ৩৪১ ৰাণ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল। আনহাতে ইংলেণ্ডৰ মহিলা দলটোৰ প্ৰথম ইনিংছ ১৭০ ৰাণত সমাপ্ত হৈছিল।