ইংলেণ্ডে যোৱানিশা কার্ডিফৰ ছোফিয়া গার্ডেনছত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক ৪ উইকেটত পৰাস্ত কৰি ১-১ ফলাফলেৰে শৃংখলাত সমতা স্থাপন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে ৪৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৩৩ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ শ্ৰেয়াছ আয়াৰে সৰ্বাধিক ৬৬ ৰান কৰে। বিৰাট কোহলিয়ে ৬৫ ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ জফৰা আৰ্ছাৰ আৰু গছ এটকিংছে তিনিটাকৈ উইকেট লাভ কৰে। ছাকিব মহম্মদে দুটা উইকেট দখল কৰে।
প্ৰত্যুত্তৰত ইংলণ্ডে ৪৫ অভাৰত ৬টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইংলেণ্ডৰ হৈ জ’ ৰূটে ৯৯ ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ হৈ গুৰৰ ব্ৰাৰে দুটা উইকেট লাভ কৰে। জ’ ৰূটক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ ঐতিহাসিক লৰ্ডছ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’ব।