বিশ্বৰ শীৰ্ষস্থানৰ খেলুৱৈ ইটালীৰ য়ানিক ছিনাৰে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ জয় কৰিছে।
অল ইংলেণ্ড ক্লাবত যোৱা নিশা অনুষ্ঠিত ফাইনেলত ছিনাৰে জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱেভক ৬-৭, ৭-৬, ৬-৩, ৬-৪ ছেটত পৰাস্ত কৰে। এয়া হৈছে ছিনাৰৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল তথা পঞ্চমটো গ্ৰেণ্ড শেম জয়৷
ইপিনে কালি সন্ধিয়া লণ্ডনৰ চেণ্টাৰ ক’ৰ্টত অনুষ্ঠিত মহিলাৰ ডাবলছৰ ফাইনেলত চীনা-ফ্রান্স যুটী গুঅ’ হান্যু আৰু ক্ৰিষ্টিনা ম্লাডেনোভিছে কানাডিয়ান-ব্রাজিলিয়ান যুটী গেব্রিয়লা ডাব্রোস্কি আৰু লুইজা ষ্টেফানিক ৬-৩, ৭-৫ ছেটত পৰাস্ত কৰি খিতাপ জয় কৰে।