কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি-47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন

কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ ১০০ মিটাৰ দৌৰৰ টি- 47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে।

ভাৰতৰ দিলীপ মহাদু গাৱিটে ১০.৭১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাচিল মৰ্ছিংগানকথে ১০.৮৩ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি পদক অৰ্জন কৰে।

ইয়াৰ পূৰ্বে মূৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতে কালিৰ দিনটোত তিনিটা পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জনেৰে শ্ৰীশংকৰ কমনৱেলথ গেমছত দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।

ভাৰত সম্প্রতি ৩টা সোণ, ৯টা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকসহ মুঠ ১৫টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে।