এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰ’ছিবীনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সৎনাম সিং আৰু চলমান খানক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়।

খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতীয় যুটিটোৱে ১,৫০০ মিটাৰলৈকে দ্বিতীয় স্থানত থাকে যদিও শেষৰ ৫০০ মিটাৰত তৃতীয় স্থানলৈ অৱনমিত হয়। ইয়াৰ পূৰ্বে সৎনাম সিঙে হাংঝৌ এছিয়ান গেমছত পুৰুষৰ কোৱাড্রপল স্কল্‌ছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰ’ছিবীনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সৎনাম সিং আৰু চলমান খানক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কিছুসময়ৰ পূৰ্বে দিয়া এটা বাৰ্তাত কয়, যে একেৰাহে এছিয়ান গেমছৰ তিনিটা সংস্কৰণত পদক অৰ্জন কৰাটো ভাৰতীয় উন্মু খেলৰ বাবে সঁচাকৈ উল্লেখনীয় সাফল্য আৰু ঐতিহাসিক মাইলৰ খুটি।

ৰ’ছিবীনাৰ প্ৰেৰণাদায়ক যাত্ৰাই অনাগত সময়ত দেশৰ বাবে গৌৰৱৰ ক্ষণ কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ কৰে। সৎনাম সিং আৰু চলমান খানক অভিনন্দন জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে তেওঁলোকৰ প্ৰদৰ্শনে ৰয়িং খেলৰ বাবে প্ৰয়োজনীয় দলীয় ভাৱনা, ধৈর্য, নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ লগতে খেলুৱৈ দুগৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰে।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে এছিয়ান গেমছত একেৰাহে তিনিটা পদক অৰ্জন কৰি ৰছিবীনাই ইতিহাস ৰচনা কৰিছে। তেওঁ লগতে সৎনাম আৰু চলমান অভূতপূর্ব সাফল্যই দলীয় ভাৱনাৰ শক্তিক প্ৰতিফলিত কৰা বুলি মন্তব্য কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বার্তাত কয়, যে একেৰাহে এছিয়ান গেমছৰ তিনিটা সংস্কৰণত পদক অৰ্জন কৰিব পৰাটো সঁচাকৈ উল্লেখনীয় সাফল্য। তেওঁ কয়, যে ৰছিবীনাৰ ধাৰাবাহিকতা, সাহস আৰু ধৈৰ্য সঁচাকৈ প্ৰশংসনীয়।

শ্রী মোদীয়ে সৎনাম সিং আৰু চলমান খানক অভিনন্দন জনাই কয়, যে খেলুৱৈ দুগৰাকীৰ অসাধাৰণ প্ৰদৰ্শনেৰে দেশে এছিয়ান গেমছত আৰু এটা পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁলোকৰ ধৈৰ্য, নিষ্ঠা, সংযম আৰু সমন্বয়ৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে এই সাফল্যই তেওঁলোকক অনাগত সময়ত আৰু উন্নত প্রদর্শন আগবঢ়াবলৈ প্ৰেৰণা যোগাব৷