September 24, 2026 1:28 PM

views 27

এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰ’ছিবীনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সৎনাম সিং আৰু চলমান খানক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰ...

April 11, 2025 6:56 PM

views 88

ভাৰতীয় মহিলা হকী দল ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।