অসমৰ জিণ্টীমণি কলিতাই জিম্বাব’ৱেৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ ভাৰতৰ ছিনিয়ৰ মহিলা ক্রিকেট দলত স্থান লাভ কৰিছে।
আঘাতৰ বাবে পেচ বলাৰ ৰেণুকা সিং ঠাকুৰ দলৰ পৰা বাহিৰ হোৱাত জিণ্টীমণিক স্মৃতি মান্ধনা নেতৃত্বাধীন ১৫ জনীয়া দলটোলৈ নির্বাচক মণ্ডলীয়ে বাছনি কৰিছে।
ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ এদিনীয়া শৃংখলাৰ তিনিওখন দিবা-নৈশ খেল বৰোদাত অনুষ্ঠিত হোৱাৰ লগতে প্ৰথমখন এদিনীয়া আজি দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জিণ্টীমণিয়ে ৰায়পুৰত ভাৰতে জিম্বাব’ৱেৰ বিৰুদ্ধে খেলা তিনিখনীয়া টী-২০ শৃংখলাৰ ১৫ জনীয়া দলতো অন্তৰ্ভুক্ত হৈছিল। উমা ছেত্ৰীৰ পাছত ৰাজ্যৰ দ্বিতীয় মহিলা তথা তৃতীয় গৰাকী অসমৰ ক্ৰিকেটাৰ হিচাপে জিণ্টীমণিয়ে ভাৰতীয় দলত স্থান লাভ কৰিছে।