ভাৰতে আজি ৱেলিংটনৰ হেনৰি ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয়খন খেলত ঘৰুৱা দল নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি ৩-০ ফলাফলেৰে ৫ খনীয়া শৃংখলাত অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে।
ভাৰতে ১৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৩ অভাৰ আৰু ২ টা বলত ৪ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই ৩৮ টা বলত ১১৩ ৰান কৰে।
বৈভৱ সূৰ্যবংশীয়ে ১৯ টা বলত ৪৫ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ১৯৮ ৰান সংগ্ৰহ কৰে।