এছিয়ান গেমছত মহিলাৰ ফ’ৰ ইনটু ফ’ হান্ড্রেড মিটাৰ দৌৰত সোণৰ পদক

জাপানৰ আইচি-নাগ’য়াত চলি থকা এছিয়ান গেমছত আজি ভাৰতে মহিলাৰ ফ’ৰ ইনটু ফ’ হান্ড্রেড মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে। এই শিতানৰ পুৰুষৰ শাখাতো ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে।

ইয়াৰ পূৰ্বে নিৰু ঢাণ্ডাই প্ৰথমগৰাকী ভাৰতীয় শ্বুটাৰ হিচাপে মহিলাৰ গাইগুটীয়া শাখাৰ ট্ৰেপ ইভেণ্টত সোণৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ট্রেপ ইভেণ্টৰ দলীয় শাখাত আশ্বিমা আহলাৱাৰ্ট আৰু মণীষা কীৰৰ সৈতে দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছিল।

এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। বক্সিং প্রতিযোগিতাত ভাৰতৰ পাৰ্বিন হুদা আৰু অংকুশ পাংঘালে নিজ নিজ ওজন শাখাৰ ছেমি ফাইনেলত জয়লাভ কৰি সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ পথ প্ৰশস্ত কৰিছে।

নিশ্বিঅ’ত আজি অনুষ্ঠিত প্রতিযোগিতাৰ ৬৫ কিলোগ্রাম শাখাৰ ছেমি ফাইনেলত পাৰ্বিনে চীনৰ লী শুক ৫-০ ব্যৱধানত পৰাস্ত কৰে। একেদৰে ৭৫ কিলোগ্রাম শাখাৰ বিশ্ব চেম্পিয়ন উজবেকিস্তানৰ ফাজলিদ্দিন আৰ্কিনব’য়ভক ৪-১ ব্যৱধানত পৰাস্ত কৰি অংকুশ পাংঘালে ৮০ কিলোগ্রাম শাখাৰ চূড়ান্ত পৰ্যায়ত প্ৰতিদ্বন্দ্বিতাৰ বাবে স্থান নিশ্চিত কৰে।

এথলেটিক্‌ছ শাখাৰ গাইগুটীয়া প্ৰতিযোগিতাত ভাৰতৰ য়শবীৰ সিঙে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ৮৫.৭২ দূৰত্ব লৈ জেলিন দলিয়াই ৰূপৰ পদক জয় কৰাৰ বিপৰীতে একেটা শিতানত তেওঁৰ সতীৰ্থ খেলুৱৈ ৰোহিত য়াদৱে ৮৪.৩৫ মিটাৰ দূৰত্ব অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক জয় কৰে।

পুৰুষৰ লং জাম্পত শ্ৰীশংকৰ মূৰলীয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে ৮.০৭ মিটাৰ উচ্চতালৈ জঁপিয়াই ৰূপৰ পদক অৰ্জন কৰে। ভাৰতীয় এথলীট গুলবীৰ সিঙেও পুৰুষৰ ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্ৰতিযোগিতাত দ্বিতীয়টো ৰূপৰ পদক জয় কৰিছে। ইয়াৰ পূৰ্বে এথলীটগৰাকীয়ে পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল।

ভাৰত সম্প্ৰতি ৬টা সোণ, ২১টা ৰূপ আৰু ২৬টা ব্ৰঞ্জসহ মুঠ ৫৩টা পদকেৰে তালিকাৰ দশম স্থানলৈ উন্নীত হৈছে। অহা ৪ অক্টোবৰত প্ৰতিযোগিতাৰ সামৰণি পৰিব।