ৰাজকোটত অনুষ্ঠিত ৰঞ্জি ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্য্যায়ৰ তৃতীয়খন খেলত অসমে সৌৰাষ্ট্ৰক বিজয়ৰ বাবে ১২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

ৰাজকোটত অনুষ্ঠিত ৰঞ্জি টুফী ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্য্যায়ৰ তৃতীয়খন খেলত অসমে সৌৰাষ্ট্ৰক বিজয়ৰ বাবে ১২৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।

টছত জিকি প্ৰথমে বেট ধৰি অসমৰ দলটোৱে নিৰ্ধাৰিত ৫০ অ’ভাৰত তিনিটা উইকেট হেৰুৱাই ১২৪ ৰান কৰে। আজিৰ খেলখনৰ বাবে অসম দলত কিছু সালসলনি কৰা হৈছে।

অপেনাৰ ঋষভ দাস আৰু পেচ বলাৰ দীপজ্যোতি শ‍ইকীয়াক দলৰ পৰা বাদ দিয়া হৈছে। প্ৰদ্যুন শ‍ইকীয়াক দলত অন্তভুক্ত কৰা হৈছে। অসমে ইতিমধ্যে প্রথম দুখন খেলৰ পৰা ৭ পইণ্ট সংগ্ৰহ কৰিছে। দলটোৱে পঞ্জাৱৰ বিৰুদ্ধে প্ৰথমখন খেলত ১ পইণ্ট লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত ত্ৰিপুৰাক পৰাস্ত কৰি ৬ পইণ্ট অৰ্জন কৰে।