January 19, 2026 12:41 PM

views 73

অসম ক্রিকেট সন্থাৰ উদ্যোগত নাহৰকটীয়াত অষ্টম বার্ষিক আছাম প্রিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ

অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু নাহৰকটীয়া ক্রিকেট সন্থাৰ সহযোগত আজিৰ পৰা ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত অৱস্থিত অসম ক্রিকেট সন্থাৰ খেলপথাৰত অষ্টম বার্ষিক আছাম প্রিমিয়াম ক্লাব চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আজি দুলীয়াজান কলেজ ক্রিকেট ক্লাব আৰু নামৰূপ ক্রিকেট একাডেমীৰ মাজত অনুষ্ঠিত উদ্বোধনী খেলখন বিধায়ক তথা অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে উদ্বোধন কৰে। বিধায়কগৰাকীয়ে প্রতিযোগিতাৰ পতাকা উত্তোলন কৰাৰ লগতে দুয়ো দলৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। এই ধৰণৰ প্ৰতিযোগিতাসমূহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ন ন ক্রিকেট...

November 11, 2025 7:43 PM

views 52

ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এলীট-চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অসীমাংসিতভাৱে সামৰণি পৰিছে। আজি খেলখনৰ চতুৰ্থ তথা অন্তিম দিনা অসমে দ্বিতীয় ইনিছংত ৭ উইকেটৰ বিনিময়ত ৩৬৭ ৰাণ সংগ্ৰহ কৰা অৱস্থাত খেলখনৰ সামৰণি পৰে। খেলখনৰ পৰা অসমে ১ পইণ্ট সংগ্ৰহ কৰে। অসমৰ হৈ ডেনিছ দাসে ১০৩ আৰু শিৱশংকৰ ৰয়ে অপৰাজিত ১০১ ৰাণ সংগ্ৰহ কৰে। এলীট চি গ্ৰুপত অসমে এতিয়ালৈকে তিনিখন খেলৰ পৰা ৪ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপৰ সপ্তম স্থানত আছে। খেলখনৰ চূড়ান্ত স্কৰসমূহ - ত্ৰিপুৰা প্ৰথম ইনিংছ - ৭ উ...

November 10, 2025 7:32 PM

views 72

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য

আগৰতলাৰ মহাৰজা বীৰ বিক্ৰম ষ্টেডিয়ামত চলি থকা ৰঞ্জী ট্ৰফীৰ এলিট চি গ্ৰুপৰ ৪ দিনীয়া খেলখনত অসমে ত্ৰিপুৰাৰ বিৰুদ্ধে ফ’ল’অন কৰিবলৈ বাধ্য হৈছে। আজি তৃতীয় দিনৰ খেলৰ সামৰণিত অসমে দ্বিতীয় ইনিংছত তিনি উইকেটৰ বিনিময়ত ৭৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ আগতে ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৬০২ ৰানৰ প্ৰত্যুত্তৰত অসমে প্রথম ইনিংছত ২৩৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। অসমৰ হৈ শিৱশংকৰ ৰয়ে সৰ্বোচ্চ ৮৪ ৰানৰ বৰঙণি আগবঢ়ায়। খেলখনৰ এটা দিন বাকী থকা অৱস্থাত অসম এতিয়াও ত্ৰিপুৰাৰ প্ৰথম ইনিংছৰ ৰান সংখ্যাতকৈ ২৮৬ ৰানত পিছ পৰি আছে।

October 18, 2025 8:59 PM

views 86

অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যত অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অনুকৰণত অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যতো অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ অনুষ্ঠিত হ'ব। বিচিচিআইৰ সচিব দেৱজিৎ শ‍ইকীয়া আজি বৰপেটাত এই কথা প্রকাশ কৰিছে। অসম ক্রিকেট সন্থাই বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত বৰপেটাৰ বাৰাদিত নিৰ্মাণ কৰি থকা ক্রিকেট একাডেমীত আয়োজন কৰা এটা সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ দেৱজিৎ শ‍ইকীয়াই ভাৰতৰ ক্ৰিকেটৰ ক্ষেত্ৰখনৰ বাবে বিচিচিআইৰ বহু পৰিকল্পনা আছে বুলি প্ৰকাশ কৰে। শ‍ইকীয়াই লগতে কয়, যে বৰপেটাত নির্মীয়মান ছেটেলাইট ক্রিকেট এডাডেমীখন দুমাহৰ ভিতৰ...

July 23, 2025 8:20 PM

views 63

আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূর্ধ আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত মধ্য অসম মণ্ডলৰ গ্ৰুপ-A ৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী

আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূর্ধ আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত মধ্য অসম মণ্ডলৰ গ্ৰুপ- এৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী হৈছে। মৰিগাঁৱৰ ক্ষিৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ আজি দ্বিতীয় দিনা মৰিগাঁৱে তিতাবৰ ক্ৰিকেট সন্থাক এক ইনিংছ আৰু ৩৪ ৰানত পৰাস্ত কৰি বোনাছসহ সম্পূর্ণ পইণ্ট অৰ্জন কৰে। প্ৰতিযোগিতাৰ কাইলৈৰ পৰা হ'বলগীয়া খেলত নগাঁও জিলাই কাৰ্বি আংলঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

March 30, 2025 3:40 PM

views 74

চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ

■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ তত্বাৱধানত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 18, 2024 8:37 PM

views 57

বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ বাবে খেলুৱৈৰ নাম ঘোষণা অসম ক্রিকেট সন্থাৰ

অসম ক্রিকেট সন্থাই ২১ ডিচেম্বৰৰ পৰা ৰাজস্থানৰ জয়পুৰত হবলগীয়া বিজয় হাজাৰে ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ বাবে খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। শিৱশংকৰ ৰয়ক অধিনায়ক আৰু সুমিত ঘাড়িগাওকাৰক উপ-অধিনায়ক হিচাপে বাছনি কৰা হৈছে। দলৰ বাকী সদস্যসকলৰ ভিতৰত পাৰভেজ মুশ্বাৰফ, ঋষভ দাস, স্বৰূপম পুৰকায়স্থ, ডেনিছ দাস, ছাহিল জৈন, অভিষেক ঠাকুৰি, মৃণাল দত্ত, মুখতাৰ হুছেইন, আকাশ সেনগুপ্ত, ৰাহুল সিং, অভিনৱ চৌধুৰী, দৰ্শন ৰাজবংশী আৰু অনুৰাগ তালুকদাৰ আছে।