November 2, 2026 11:29 AM | Cricket

printer

হেমিল্টনত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত নিউজিলেণ্ডৰ ৭ উইকেটত জয়লাভ

হেমিল্টনত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত কালি ভাৰতৰ বিৰুদ্ধে ঘৰুৱা দল নিউজিলেণ্ডে ৭ উইকেটৰ বিনিময়ত জয়লাভ কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৯১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঈশান কিষাণে সৰ্বাধিক ৬১ ৰান আৰু অধিনায়ক শ্ৰেয়াছ আয়াৰে ৫০ ৰানৰ বৰঙণি আগবঢ়ায় প্ৰত্যুত্তৰত নিউজিলেণ্ডে ১৮ অভাৰত ৩ উইকেটৰ বিনিময়ত ১৯৫ ৰান কৰি বিজয় সাব্যস্ত কৰে।

এই শৃংখলাৰ অন্তিম দুখন খেলত নিউজিলেণ্ডে ভাৰতক ধাৰাবাহিকভাৱে পৰাস্ত কৰিলেও প্রথম তিনিখন খেলত ভাৰতে জয়লাভ কৰি ৩-২ ফলাফলেৰে শৃংখলা দখল কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।