বদোদৰাত যোৱা নিশা অনুষ্ঠিত মহিলাৰ দ্বিতীয়খন এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্রিকেট প্রতিযোগিতাত ভাৰতে জিম্বাব’ৱেক ১২১ ৰানত পৰাস্ত কৰে। জিম্বাব’ৱেই ৩২৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৮ অভাৰ ৫টা বলতে আটাইকেইটা উইকেট হেৰুৱাই ২০৭ ৰান কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ চিপো মুগেৰী-টিৰিপানোৱে সৰ্বাধিক ৪৬ ৰান কৰে। ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই ৪টা উইকেট দখল কৰাৰ বিপৰীতে দিপ্তী শর্মাই তিনিটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৬ উইকেট বিনিময়ত ৩২৮ ৰান সংগ্ৰহ কৰে। হৰমনপ্রীত কৌৰে সৰ্বাধিক ১২৬ ৰান কৰাৰ লগতে দিপ্তী শৰ্মাই ১০৬ ৰানৰ বৰঙনি আগবঢ়ায়। হৰমনপ্রীত কৌৰক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। তিনিখনীয়া শৃংখলাটোত ভাৰত সম্প্ৰতি ২-০৩ আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অহা বুধবাৰে একেটা স্থানতে অনুষ্ঠিত হ’ব।
Assamese | October 26, 2026 12:19 PM | Cricket
মহিলাৰ দ্বিতীয়খন এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত জিম্বাব’ৱে ১২১ ৰানত পৰাস্ত