ভাৰতীয় মহিলা ক্রিকেট দলে কালি বড়োদাত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত জিম্বাব’ৱেক ৮ উইকেটত পৰাস্ত কৰি ৩-০ ব্যৱধানত শৃংখলাটো দখল কৰে। ১৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ১৭ অভাৰত ২টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্রম কৰে। ভাৰতৰ হৈ প্ৰতিকা ৰাৱালে ৫৬টা বলত সৰ্বাধিক ৫৯ ৰানৰ বৰঙনি আগবঢ়ায়। তাৰকা খেলুৱৈ শেফালী বার্মাই ২৬টা বলত ৫১ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে জিম্বাব’ৱেই প্রথমে বেট ধৰি ৩৯ অভাৰ আৰু ৫টা বলত ১৩১ ৰান কৰি আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ বাওঁহতীয়া স্পীনাৰ বৈষ্ণৱী শৰ্মাই ৫টা আৰু ক্ৰান্তি গৌৰ আৰু শেয়ালী সাতঘড়েই দুটাকৈ উইকেট দখল কৰে। বৈষ্ণৱী শৰ্মাক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে প্ৰতিকা ৰাৱালে প্লেয়াৰ অৱ দা ছিৰিজ সন্মান লাভ কৰে। খেলুৱৈগৰাকীয়ে তিনিখন খেলত এটা শতক আৰু দুটা অৰ্ধশতকৰ সহায়ত মুঠ ২২০ ৰান সংগ্ৰহ কৰে।
Assamese | October 29, 2026 12:57 PM | Cricket
তিনিখনীয়া এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতৰ হাতত জিম্বাব’ৱে ৮ উইকেটত পৰাস্ত