নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ ক্রিকেট শৃংখলাৰ আজি অকলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত ভাৰত ৮৭ ৰাণত পৰাস্ত হয়। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা ২৬০ ৰাণৰ বিশাল লক্ষ্যৰে খেলি ভাৰতীয় দলটোৱে ৯টা উইকেট হেৰুৱাই ১৭২ ৰাণ কৰিবলৈহে সক্ষম হয়।
সঞ্জু চেমছন, ঈশান কিষাণ সম্পূৰ্ণৰূপে ব্যর্থ হোৱাৰ পাছত তিলক বার্মাই ৩৫, নমন ধীৰে ২৮ আৰু অভিষেক শৰ্মাই ২৭ ৰাণৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ জেকব ডাফীয়ে সর্বাধিক চাৰিটা উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা নিউজিলেণ্ডে গ্লেন ফিলিপছৰ মাৰমুখি ১০৭ আৰু মাইকেল ব্রেছৱেলৰ ৬৫ ৰাণৰ সহায়েৰে নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২৫৯ ৰাণ সংগ্ৰহ কৰে।
ফিলিপছৰ ১০৭ ৰাণৰ ইনিংছটোত আছিল ১০টা ৬ আৰু ৬টা চাৰি। উল্লেখযোগ্য যে আজি পৰাস্ত হ’লেও প্রথম তিনিখন খেলত জয়েৰে ভাৰতে ইতিমধ্যে শৃংখলা হস্তগত কৰে। শৃংখলাৰ পঞ্চম তথা অন্তিম খেলখন পৰহিলৈ হেমিল্টনত অনুষ্ঠিত হ’ব।