November 11, 2026 11:08 AM | Cricket

printer

ভাৰত ১৯ বছৰ অনূর্ধ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে ১৯ বছৰ অনূর্ধ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি ওমানৰ আল আমেৰাট ক্রিকেট খেলপথাৰত অনুষ্ঠিত এখন খেলত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰক ৭০ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩০৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই নিৰ্ধাৰিত ৫০ অভাৰত ২৩৯ ৰাণহে কৰিবলৈ সক্ষম হয়। খেলখনত ভাৰতৰ হৈ ১৬৮টা বলত ১৬০ ৰান সংগ্ৰহ কৰা আৰ্যবীৰ ছেহৱাগক প্লেয়াৰ অৱ দ্য মেচৰ সন্মান প্ৰদান কৰা হয়। ভাৰত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত কাইলৈ আফগানিস্তানৰ মুখামুখি হ’ব।