কুৱালালামপুৰৰ বায়ুৱেমাছ অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত কালি ভাৰতে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। টছত জিকি ভাৰতে প্ৰথমে বাংলাদেশক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। বেটিং আৰম্ভ কৰি বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৬৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অধিনায়ক ছুমাইয়া আখতেৰে সৰ্বাধিক ২১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই ৩টা উইকেট দখল কৰে। ইয়াৰ পিছত ভাৰতে বেটিং আৰম্ভ কৰি মাত্র ৭ অভাৰ এটা বল খেলি নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ তৃষাই ৩১টা বলত ৪০ ৰান সংগ্ৰহ কৰে।
Assamese | January 27, 2025 3:13 PM | t-20 | Women Cricket
১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত ভাৰত ছেমি ফাইনেলত প্ৰৱেশ