October 4, 2024 11:22 AM

views 51

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ মুখামুখি হ’ব

শ্বাৰৰ্জাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি ডুবাইত হৰমন প্রীত কৌৰ নেতৃত্বত নিজৰ প্ৰথমখন খেলত ছফী ডিভাইন নেতৃত্বাধীন নিউজিলেণ্ডৰ মুখামুখি হ'ব। আনহাতে, আজি বিয়লি হ'বলগীয়া আন এখন খেলত ৱেষ্ট ইণ্ডিজে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আকাশবাণীয়ে হিন্দী আৰু ইংৰাজীত এই খেলৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ খন দেশে অংশগ্রহণ কৰা এই প্ৰতিযোগিতা অহা ২০ অক্টোবৰলৈ চলিব। গ্রুপ-এত ভাৰতৰ লগতে অস্ট্রেলিয়া, নিউজিলণ...

July 17, 2024 11:05 AM

views 48

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ বাবে ভাৰতীয় মহিলা ক্রিকেট দল কলম্বোত উপস্থিত

ভাৰতীয় মহিলা ক্রিকেট দল এছিয়া কাপ টি-২০ প্রতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীলংকাৰ কলম্বোত উপস্থিত হৈছে। এই প্রতিযোগিতা শুকুৰবাৰে ডাম্বুলাত আৰম্ভ হ'ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো প্ৰতিযোগিতাৰ প্ৰথম দিনা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতক পাকিস্তান, সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ই আৰু নেপালৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে, শ্রীলংকা, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰতে এইবাৰো এছিয়া কাপৰ খিতাপ দখলৰ ...

July 6, 2024 12:29 PM

views 60

মহিলা ক্রিকেটৰ তিনিখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখনত দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰত পৰাস্ত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মহিলা ক্রিকেটৰ তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা দক্ষিণ আফ্ৰিকাই ভাৰতক ১২ ৰানত পৰাস্ত কৰে৷ জয়ৰ বাবে ১৯০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় মহিলাৰ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৭৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। টছত জয়লাভ কৰি প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত লোৱা দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ তাজমিন ব্ৰিটছে ৮১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ হৈ স্মৃতি মান্ধানা...

June 16, 2024 7:47 PM

views 70

ভাৰত আৰু দক্ষিণ আফ্ৰিকা মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়া অব্যাহত

বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ২৬৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। আমালৈ বাতৰি অহা পৰলৈকে দক্ষিণ আফ্রিকাই ২২ অভাৰত ৪ টা উইকেট হেৰুৱাই ৭২ ৰান কৰি খেলি আছে। হৰমনপ্রীত কৌৰৰ নেতৃত্বৰ ভাৰতৰ মহিলা দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৬৫ ৰাণ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই ১১৭ ৰাণ কৰে। আলহী দলটোৰ আয়াবুংগা খাকাই তিনিটা আৰু মাছাবাটা ক্লাছে দুটাকৈ উইকে...

June 16, 2024 7:44 PM

views 63

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়া অব্যাহত

বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন এদিনীয়াত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ২৬৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। আমালৈ বাতৰি অহা পৰলৈকে দক্ষিণ আফ্রিকাই ২২ অভাৰত ৪ টা উইকেট হেৰুৱাই ৭২ ৰান কৰি খেলি আছে। হৰমনপ্রীত কৌৰৰ নেতৃত্বৰ ভাৰতৰ মহিলা দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২৬৫ ৰাণ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই ১১৭ ৰাণ কৰে। আলহী দলটোৰ আয়াবুংগা খাকাই তিনিটা আৰু মাছাবাটা ক্লাছে দুটাকৈ উইকে...

May 26, 2024 7:00 PM

views 47

কনকলতা বৰুৱা  আন্তঃজিলা মহিলা ক্রিকেট প্রতিযোগিতাত বৰপেটা জিলা দল বিজয়ী

অসম ক্রিকেট সন্থাৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত চি গ্ৰুপৰ অন্তিমখন খেলত ঘৰুৱা দল বৰপেটাই নগাঁও জিলা দলক পৰাজিত কৰে। বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত খেলখনত বৰপেটা ২০ ৰাণত বিজয়ী হয়। এই জয়ৰ সুবাদত বৰপেটা প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত হয়। প্রথমে বেট ধৰি বৰপেটাই ২৯ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৮৭ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নগাঁও জিলা দলে ২৬ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৬৭ ৰাণ সংগ্ৰ...

May 1, 2024 1:06 PM

views 50

পাঁচখনীয়া টি-২০ মহিলা ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল বাংলাদেশক ডাক-ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ১৯ ৰাণত পৰাস্ত কৰে। খেলখনত বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে পাঁচ অভাৰ আৰু দুটা বলত এটা উইকেট হেৰুৱাই ৪৫ ৰাণ কৰা অৱস্থাত বৰষুণে খেলখনত বিধিপথালি দিয়ে। ফলত খেলখন স্থগিত ৰাখিবলগীয়া হয়। খেল পুনৰ আৰম্ভ কৰাৰ বাবে এঘণ্টাৰো অধিক ...