শ্বাৰৰ্জাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি ডুবাইত হৰমন প্রীত কৌৰ নেতৃত্বত নিজৰ প্ৰথমখন খেলত ছফী ডিভাইন নেতৃত্বাধীন নিউজিলেণ্ডৰ মুখামুখি হ’ব। আনহাতে, আজি বিয়লি হ’বলগীয়া আন এখন খেলত ৱেষ্ট ইণ্ডিজে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আকাশবাণীয়ে হিন্দী আৰু ইংৰাজীত এই খেলৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব।
এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ খন দেশে অংশগ্রহণ কৰা এই প্ৰতিযোগিতা অহা ২০ অক্টোবৰলৈ চলিব। গ্রুপ-এত ভাৰতৰ লগতে অস্ট্রেলিয়া, নিউজিলণ্ড, পাকিস্তান, আৰু শ্ৰীলংকা অন্তর্ভুক্ত হোৱাৰ বিপৰীতে গ্রুপ-বি বাংলাদেশ, ইংলেণ্ড, স্কটলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ আছে।
Assamese | October 4, 2024 11:22 AM | Cricket | SPORTS | Women Cricket
মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ মুখামুখি হ’ব