ভাৰতীয় মহিলা ক্রিকেট দলে কালি চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল বাংলাদেশক ডাক-ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ১৯ ৰাণত পৰাস্ত কৰে। খেলখনত বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৯ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে পাঁচ অভাৰ আৰু দুটা বলত এটা উইকেট হেৰুৱাই ৪৫ ৰাণ কৰা অৱস্থাত বৰষুণে খেলখনত বিধিপথালি দিয়ে। ফলত খেলখন স্থগিত ৰাখিবলগীয়া হয়। খেল পুনৰ আৰম্ভ কৰাৰ বাবে এঘণ্টাৰো অধিক সময়ৰ অপেক্ষাৰ অন্তত আম্পায়াৰে ভাৰতীয় দলে ডার্ক-ৱৰ্থ লুইছ পদ্ধতিৰে ১৯ ৰাণত জয়লাভ কৰা বুলি ঘোষণা কৰে।
Assamese | May 1, 2024 1:06 PM | Women Cricket
পাঁচখনীয়া টি-২০ মহিলা ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ