চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মহিলা ক্রিকেটৰ তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা দক্ষিণ আফ্ৰিকাই ভাৰতক ১২ ৰানত পৰাস্ত কৰে৷ জয়ৰ বাবে ১৯০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় মহিলাৰ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৭৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। টছত জয়লাভ কৰি প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত লোৱা দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ তাজমিন ব্ৰিটছে ৮১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ হৈ স্মৃতি মান্ধানাই ৪৬ ৰান সংগ্ৰহ কৰে। তাজমিন ব্রিটছে খেলখনৰ প্লেয়াৰ অব দা মেটছ সন্মান লাভ কৰে। উল্লেখ্য ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা তিনিখনীয়া এদিনীয়া শৃংখলাটোত ভাৰতে দক্ষিণ আফ্ৰিকাক ৩-০ ব্যৱধানত পৰাস্ত কৰি শৃংখলা হস্তগত কৰিছিল। ইয়াৰ পিছত অনুষ্ঠিত এখন টেষ্ট মেচত ভাৰতে দক্ষিণ আফ্রিকাক ১০ উইকেটত পৰাস্ত কৰিছিল।
Assamese | July 6, 2024 12:29 PM | Women Cricket
মহিলা ক্রিকেটৰ তিনিখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখনত দক্ষিণ আফ্ৰিকাৰ হাতত ভাৰত পৰাস্ত