অসম ক্রিকেট সন্থাৰ উদ্যোগত বৰপেটাত অনুষ্ঠিত কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত চি গ্ৰুপৰ অন্তিমখন খেলত ঘৰুৱা দল বৰপেটাই নগাঁও জিলা দলক পৰাজিত কৰে। বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত খেলখনত বৰপেটা ২০ ৰাণত বিজয়ী হয়। এই জয়ৰ সুবাদত বৰপেটা প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত হয়। প্রথমে বেট ধৰি বৰপেটাই ২৯ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৮৭ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নগাঁও জিলা দলে ২৬ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৬৭ ৰাণ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।
Assamese | May 26, 2024 7:00 PM | Women Cricket
কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্রিকেট প্রতিযোগিতাত বৰপেটা জিলা দল বিজয়ী