দুদিনীয়া ভ্ৰমণসূচীৰে চত্তিশগড়ত উপস্থিত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু চত্তিশগড়ত উপস্থিত হৈছে। ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে শ্ৰীমতী মুৰ্মুক ৰাজ্যপাল ৰমেন ডেকা, মুখ্যমন্ত্ৰী বিষ্ণু দেওচাই, কেন্দ্রীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী তোখান চাহুৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলে আদৰণি জনায়।

এই ভ্ৰমণকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰায়পুৰ আৰু জগদলপুৰৰ কেইবাটাও অনুষ্ঠানত অংশ ল’ব। শ্ৰীমতী মুৰ্মুৱে আজি ৰায়পুৰত নুৱাখাই উৎসৱত অংশ ল’ব।

কাইলৈ শ্ৰীমতী মুৰ্মু মুৰিয়া দৰবাৰত উপস্থিত থকাৰ লগতে জগদলপুৰত হ’বলগীয়া বাস্তাৰ দশেৰা উৎসৱ উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।