ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুজৰাটৰ একতা নগৰত আজি সন্ধিয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান কৰে। এই বঁটাসমূহে দেশৰ শ্ৰেষ্ঠ চলচ্চিত্র, বিভিন্ন শিতানত কলা আৰু কাৰিকৰী উৎকর্ষতাক প্রতিফলিত কৰিব।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বঁটা লাভ কৰাসকলক অভিনন্দন জ্ঞাপন কৰে।
২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অনন্ত নাগক পাঁচ দশক ধৰি চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে শ্রীবৈষ্ণৱে শলাগ লয়। তেওঁ কয় যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ পৰা প্ৰেৰণাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্রদান অনুষ্ঠান বিভিন্ন স্থানত আয়োজন কৰা হৈছে।
দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰাৰ বাবে একোখনকৈ পৰ্যটন স্থলী চিনাক্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।